Sign in
Sign in
Sign in
Select Language
058

Al-Mujadila 58:5 ان الذين يحادون الله ورسوله كبتوا كما كبت الذين من قبلهم وقد انزلنا ايات بينات وللكافرين عذاب مهين ٥

58:5
إِنَّ
ٱلَّذِينَ
يُحَآدُّونَ
ٱللَّهَ
وَرَسُولَهُۥ
كُبِتُواْ
كَمَا
كُبِتَ
ٱلَّذِينَ
مِن
قَبۡلِهِمۡۚ
وَقَدۡ
أَنزَلۡنَآ
ءَايَٰتِۭ
بَيِّنَٰتٖۚ
وَلِلۡكَٰفِرِينَ
عَذَابٞ
مُّهِينٞ
٥
নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি--
Continue Reading

Read Tafsir

Ibn Kathir (Abridged)

Explaining the Punishment of the Enemies of the Religion

Allah states that those who defy Him and His Messenger and contradict His commandments,

كُبِتُواْ كَمَا كُبِتَ الَّذِينَ مِن قَبْلِهِمْ

(will be disgraced as those before them were disgraced) meaning, they will be humiliated, cursed and disgraced

…

Explaining the Punishment of the Enemies of the Religion

Allah states that those who defy Him and His Messenger and contradict His commandments,

كُبِتُو
…
More Tafsirs

Read in Context

Chapter 58, Page 542, Juz 28

5. নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি-- 6. যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী। 7. তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে, আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্ঠজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওক বা বেছি, তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত ক্বিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত। 8. তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোকে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল! 9. হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। বৰং তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব। 10. গোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাতহে হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতি অবিহনে চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈও সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত। 11. হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহেও তোমালোকক প্ৰশস্ততা দান কৰিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত। 12. হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে চাদাক্বা প্ৰদান কৰিবা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু। 13. অকলশৰীয়াকৈ পৰামৰ্শ কৰাৰ আগতে চাদাক্বা দিব লাগিব বুলি তোমালোকে ভয় পালা নেকি? যিহেতু তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

- Shaykh Rafeequl Islam Habibur-Rahman

Notes and Reflections

You do not have any notes or reflections on this verse.

Notes placeholders

Stay Connected to the Quran ❤️

Short meaningful reminders to reset, reflect and stay connected to the Quran.

Read, Listen, Search, and Reflect on the Quran

Quran.com is a trusted platform used by millions worldwide to read, search, listen to, and reflect on the Quran in multiple languages. It provides translations, tafsir, recitations, word-by-word translation, and tools for deeper study, making the Quran accessible to everyone.

As a Sadaqah Jariyah, Quran.com is dedicated to helping people connect deeply with the Quran. Supported by Quran.Foundation, a 501(c)(3) non-profit organization, Quran.com continues to grow as a free and valuable resource for all, Alhamdulillah.

Navigate
Home
Quran Radio
Reciters
About Us
Developers
Product Updates
Feedback
Help
Donate
Our Projects
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Non-profit projects owned, managed, or sponsored by Quran.Foundation
Popular Links
Duas from the Quran
Quran Verse of the Day
Ayatul Kursi
Yaseen
Al Mulk
Ar-Rahman
Al Waqi'ah
Al Kahf
Al Muzzammil
SitemapPrivacyTerms and Conditions
© 2026 Quran.com. All Rights Reserved
Contribute