Sign in
Sign in
Sign in
Select Language
009

At-Tawbah 9:107 والذين اتخذوا مسجدا ضرارا وكفرا وتفريقا بين المومنين وارصادا لمن حارب الله ورسوله من قبل وليحلفن ان اردنا الا الحسنى والله يشهد انهم لكاذبون ١٠٧

9:107
وَٱلَّذِينَ
ٱتَّخَذُواْ
مَسۡجِدٗا
ضِرَارٗا
وَكُفۡرٗا
وَتَفۡرِيقَۢا
بَيۡنَ
ٱلۡمُؤۡمِنِينَ
وَإِرۡصَادٗا
لِّمَنۡ
حَارَبَ
ٱللَّهَ
وَرَسُولَهُۥ
مِن
قَبۡلُۚ
وَلَيَحۡلِفُنَّ
إِنۡ
أَرَدۡنَآ
إِلَّا
ٱلۡحُسۡنَىٰۖ
وَٱللَّهُ
يَشۡهَدُ
إِنَّهُمۡ
لَكَٰذِبُونَ
١٠٧
আৰু (কিছুমান আছে) যিসকলে ক্ষতিসাধন কৰাৰ উদ্দেশ্যে, কুফুৰী কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে, লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে (এখন নতুন) মছজিদ নিৰ্মাণ কৰিছে । সিহঁতে নিশ্চয় শপত খাই ক’ব, ‘আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিঃসন্দেহে সিহঁত মিছলীয়া।
Continue Reading

Read Tafsir

Ibn Kathir (Abridged)

Masjid Ad-Dirar and Masjid At-Taqwa

The reason behind revealing these honorable Ayat is that before the Messenger of Allah ﷺ migrated to Al-Madinah, there was a man from Al-Khazraj called "Abu `Amir Ar-Rahib (the Monk)." This man embraced Christianity before Islam and read the Scriptures. During the

…

Masjid Ad-Dirar and Masjid At-Taqwa

The reason behind revealing these honorable Ayat is that before the Messenger of Allah ﷺ migrated to Al-Madinah, th

…
More Tafsirs

Read in Context

Chapter 9, Page 204, Juz 11

100. মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকল (ঈমান পোষণ কৰাৰ ক্ষেত্ৰত) প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহাসফলতা। 101. মৰুবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাঁজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদীনাবাসীৰ মাজতো আছে (কিছুমান মুনাফিক), সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। 102. আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। 103. তুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। নিঃসন্দেহে তোমাৰ দুআ হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী। 104. সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু চাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু। 105. আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও (দেখিব)। অনতিপলমে তোমালোকক ওভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ সত্ত্বা (আল্লাহ)ৰ ওচৰলৈ; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’। 106. আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়। 107. আৰু (কিছুমান আছে) যিসকলে ক্ষতিসাধন কৰাৰ উদ্দেশ্যে, কুফুৰী কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে, লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে (এখন নতুন) মছজিদ নিৰ্মাণ কৰিছে । সিহঁতে নিশ্চয় শপত খাই ক’ব, ‘আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিঃসন্দেহে সিহঁত মিছলীয়া। 108. তুমি তাত কেতিয়াও (ছালাতৰ বাবে) থিয় নহ’বা; (আনহাতে) যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইখনতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰিবলৈ ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়। 109. এতেকে যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাকলৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে। 110. সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

- Shaykh Rafeequl Islam Habibur-Rahman

Notes and Reflections

You do not have any notes or reflections on this verse.

Notes placeholders

Stay Connected to the Quran ❤️

Short meaningful reminders to reset, reflect and stay connected to the Quran.

Read, Listen, Search, and Reflect on the Quran

Quran.com is a trusted platform used by millions worldwide to read, search, listen to, and reflect on the Quran in multiple languages. It provides translations, tafsir, recitations, word-by-word translation, and tools for deeper study, making the Quran accessible to everyone.

As a Sadaqah Jariyah, Quran.com is dedicated to helping people connect deeply with the Quran. Supported by Quran.Foundation, a 501(c)(3) non-profit organization, Quran.com continues to grow as a free and valuable resource for all, Alhamdulillah.

Navigate
Home
Quran Radio
Reciters
About Us
Developers
Product Updates
Feedback
Help
Donate
Our Projects
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Non-profit projects owned, managed, or sponsored by Quran.Foundation
Popular Links
Duas from the Quran
Quran Verse of the Day
Ayatul Kursi
Yaseen
Al Mulk
Ar-Rahman
Al Waqi'ah
Al Kahf
Al Muzzammil
SitemapPrivacyTerms and Conditions
© 2026 Quran.com. All Rights Reserved
Contribute