Sign in
Sign in
Sign in
Select Language
035

Fatir 35:32 ثم اورثنا الكتاب الذين اصطفينا من عبادنا فمنهم ظالم لنفسه ومنهم مقتصد ومنهم سابق بالخيرات باذن الله ذالك هو الفضل الكبير ٣٢

35:32
ثُمَّ
أَوۡرَثۡنَا
ٱلۡكِتَٰبَ
ٱلَّذِينَ
ٱصۡطَفَيۡنَا
مِنۡ
عِبَادِنَاۖ
فَمِنۡهُمۡ
ظَالِمٞ
لِّنَفۡسِهِۦ
وَمِنۡهُم
مُّقۡتَصِدٞ
وَمِنۡهُمۡ
سَابِقُۢ
بِٱلۡخَيۡرَٰتِ
بِإِذۡنِ
ٱللَّهِۚ
ذَٰلِكَ
هُوَ
ٱلۡفَضۡلُ
ٱلۡكَبِيرُ
٣٢
তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলোঁ তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছোঁ; কিন্তু সিহঁতৰ মাজৰ কিছুমান আছিল নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আছিল আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।
Continue Reading

Read Tafsir

Ibn Kathir (Abridged)

The Inheritance of the Qur'an is of three kinds

Allah says: `Then We made those who uphold the Book confirming what came before, the one whom We have chosen from among Our servants. They are this Ummah, who are divided into three types.' Allah says:

فَمِنْهُمْ ظَـلِمٌ لِّنَفْسِهِ

(Then of them are some

…

The Inheritance of the Qur'an is of three kinds

Allah says: `Then We made those who uphold the Book confirming what came before, the one whom We have c

…
More Tafsirs

Read in Context

Chapter 35, Page 438, Juz 22

27. তুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন ৰঙৰ ফলমূল উৎপন্ন কৰোঁ। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা। 28. আৰু এইদৰে মানুহৰ মাজত, বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল। 29. নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে দান-খয়ৰাত কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়াও ধ্বংস নহয়। 30. যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী। 31. আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ সেয়া সত্য, ইয়াৰ পূৰ্বে যিবোৰ (গ্ৰন্থ) দিয়া হৈছিল, এইখন হৈছে সেইবোৰৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা। 32. তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলোঁ তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছোঁ; কিন্তু সিহঁতৰ মাজৰ কিছুমান আছিল নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আছিল আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ। 33. চিৰস্থায়ী জান্নাত, য’ত তেওঁলোকে প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোচাক হ’ব খাঁটি ৰেচমৰ। 34. আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী; 35. ‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’। 36. আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব, যাৰ ফলত সিহঁতে মৃত্যুবৰণ কৰিব, লগতে সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ। 37. আৰু তাত সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলোঁ তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোঁনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

- Shaykh Rafeequl Islam Habibur-Rahman

Notes and Reflections

You do not have any notes or reflections on this verse.

Notes placeholders

Stay Connected to the Quran ❤️

Short meaningful reminders to reset, reflect and stay connected to the Quran.

Read, Listen, Search, and Reflect on the Quran

Quran.com is a trusted platform used by millions worldwide to read, search, listen to, and reflect on the Quran in multiple languages. It provides translations, tafsir, recitations, word-by-word translation, and tools for deeper study, making the Quran accessible to everyone.

As a Sadaqah Jariyah, Quran.com is dedicated to helping people connect deeply with the Quran. Supported by Quran.Foundation, a 501(c)(3) non-profit organization, Quran.com continues to grow as a free and valuable resource for all, Alhamdulillah.

Navigate
Home
Quran Radio
Reciters
About Us
Developers
Product Updates
Feedback
Help
Donate
Our Projects
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Non-profit projects owned, managed, or sponsored by Quran.Foundation
Popular Links
Duas from the Quran
Quran Verse of the Day
Ayatul Kursi
Yaseen
Al Mulk
Ar-Rahman
Al Waqi'ah
Al Kahf
Al Muzzammil
SitemapPrivacyTerms and Conditions
© 2026 Quran.com. All Rights Reserved
Contribute