Sign in
Sign in
Sign in
Select Language
011

Hud 11:24 ۞ مثل الفريقين كالاعمى والاصم والبصير والسميع هل يستويان مثلا افلا تذكرون ٢٤

11:24
۞ مَثَلُ
ٱلۡفَرِيقَيۡنِ
كَٱلۡأَعۡمَىٰ
وَٱلۡأَصَمِّ
وَٱلۡبَصِيرِ
وَٱلسَّمِيعِۚ
هَلۡ
يَسۡتَوِيَانِ
مَثَلًاۚ
أَفَلَا
تَذَكَّرُونَ
٢٤
দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
Continue Reading

Read Tafsir

Ibn Kathir (Abridged)

Rewarding the People of Faith

When Allah, the Exalted, mentioned the condition of the wretched, He also commended the people of delight (the believers). They are those who believe and work righteous deeds. Thus, their hearts believed and their limbs worked righteous deeds, both in statements and acti…

Rewarding the People of Faith

When Allah, the Exalted, mentioned the condition of the wretched, He also commended the people of delight (the believers)…
More Tafsirs

Read in Context

Chapter 11, Page 224, Juz 12

15. যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, আমি এনেকুৱা লোকক পৃথিৱীতেই সিহঁতৰ আমলৰ পৰিপূৰ্ণ ফলাফল প্ৰদান কৰোঁ আৰু এইক্ষেত্ৰত সিহঁতক কম দিয়া নহয়। 16. ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই; আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক। 17. যিয়ে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ লগত আছে তেওঁৰ প্ৰেৰিত সাক্ষী লগতে যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এনেকুৱা ব্যক্তি সেইসকল লোকৰ দৰে নে যিসকলে পৃথিৱীৰ কামনাত বিভোৰ) বৰং উক্ত গুণ সম্পন্ন ব্যক্তিসকলেই এই (কোৰআনৰ) ওপৰত ঈমান পোষণ কৰে। আনহাতে বিভিন্ন দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰিব, অগ্নিয়েই হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য (গ্ৰন্থ); কিন্তু অধিকাংশ মানুহেই বিশ্বাস নকৰে। 18. সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষী (ফিৰিস্তা)সকলে ক’ব, ‘ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ। 19. যিসকলে আল্লাহৰ পথত (মানুহক) বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী। 20. পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল। 21. ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা (উপাস্যক) কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে। 22. এইটো সুনিশ্চিত যে, নিঃসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব। 23. নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই হ’ব জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব। 24. দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?

- Shaykh Rafeequl Islam Habibur-Rahman

Notes and Reflections

You do not have any notes or reflections on this verse.

Notes placeholders

Stay Connected to the Quran ❤️

Short meaningful reminders to reset, reflect and stay connected to the Quran.

Read, Listen, Search, and Reflect on the Quran

Quran.com is a trusted platform used by millions worldwide to read, search, listen to, and reflect on the Quran in multiple languages. It provides translations, tafsir, recitations, word-by-word translation, and tools for deeper study, making the Quran accessible to everyone.

As a Sadaqah Jariyah, Quran.com is dedicated to helping people connect deeply with the Quran. Supported by Quran.Foundation, a 501(c)(3) non-profit organization, Quran.com continues to grow as a free and valuable resource for all, Alhamdulillah.

Navigate
Home
Quran Radio
Reciters
About Us
Developers
Product Updates
Feedback
Help
Donate
Our Projects
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Non-profit projects owned, managed, or sponsored by Quran.Foundation
Popular Links
Duas from the Quran
Quran Verse of the Day
Ayatul Kursi
Yaseen
Al Mulk
Ar-Rahman
Al Waqi'ah
Al Kahf
Al Muzzammil
SitemapPrivacyTerms and Conditions
© 2026 Quran.com. All Rights Reserved
Contribute